ৰাতিটোৰ ভিতৰতে সলনি হ’ব ভাগ্য | নিশ্চিতভাৱে এই গছজোপা ঘৰত ৰোপণ কৰক

বাস্তু টিপচ্: ক্ৰাছুলা বা জেড প্লাণ্টৰ নাম শুনিলে সকলোৰে মনলৈ আহে টকাৰ কথা। এই গছজোপা ঘৰত ৰাখিলে অৰ্থনৈতিক পৰিবেশ উন্নত হয় বুলিও বিশ্বাস কৰা হয়। ক্ৰাছুলা গছত লক্ষ্মী দেৱীৰ বাসস্থান বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত ঘৰত সদায় ধনাত্মক শক্তিৰ প্ৰবাহ থাকে। এই গছজোপা বাস্তু শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু বাস্তুশাস্ত্ৰত ঘৰতে ক্ৰাছুলা গছ ৰোপণৰ বহু নিয়ম আছে। ইয়াক অনুসৰণ কৰিলে আপুনি সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব, গতিকে এই গছজোপা কেনেকৈ ৰাখিব লাগে জানো আহক।

ক্ৰাছুলা গছ বা উদ্ভিদ

১) ঘৰৰ প্ৰৱেশদ্বাৰৰ সোঁফালে এই ক্ৰাছুলা গছজোপা ৰাখিলে, ই সমাৱেশত সুখ আৰু শান্তি কঢ়িয়াই আনিব।

২) ক্ৰাছুলা গছ বা উদ্ভিদক আপোনাৰ কৰ্মস্থলীৰ উত্তৰ-পশ্চিম দিশত অৰ্থাৎ কাৰ্যালয় বা ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাখিব পাৰে। ফলত কাৰ্যালয় বা ব্যৱসায়ত প্ৰচণ্ড উন্নতি হ’ব।

৩) ঘৰৰ বেলকনিত বা ঘৰৰ ভিতৰত এই গছজোপা উত্তৰ বা পূব দিশলৈ মুখ কৰি ৰাখিব লাগে। ফলত অর্থ লাভ কৰাৰ সম্ভাৱনা বাঢ়ি যায়।

৪) এই গছজোপা ঘৰ, কাৰ্যালয় বা আন কোনো ঠাইৰ দক্ষিণ দিশত নাৰাখিব। নহলে আপোনাৰ জীৱনলৈ ঋণাত্মক শক্তি প্ৰবাহিত হ’ব।

সকলো মানুহৰ ক্ষেত্ৰত এই গছজোপাৰ প্ৰভাৱ বেলেগ বেলেগ হব পাৰে। গতিকে যদি আপুনি ইয়াতকৈ অধিক জানিব বিচাৰে তেন্তে আপুনি যিকোনো বাস্তু ৱিদৰ সৈতে যোগাযোগ কৰিব পাৰে।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post