Infinix Zero Ultra 5G ফোনত 200MP কেমেৰাৰ সৈতে আছে অসাধাৰণ বৈশিষ্ট্য

Infinix Zero Ultra 5G : 256 GB ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে 8 GB RAM পোৱা যাব। শেহতীয়া স্মাৰ্টফোনটোৰ মূল্য ২৯,৯৯৯ টকা। এই ডিভাইচটো ২টা ৰঙৰ ভিন্নতাত উপলব্ধ। গ্ৰাহকে আজি ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ পৰা এই ফোনটো সহজেই ক্ৰয় কৰিব পাৰিব।

Infinix Zero Ultra 5G

ভাৰতত ১৯ মাৰ্চ অৰ্থাৎ আজি বিক্ৰীৰ বাবে মুকলি হ’ব Infinix Zero Ultra 5G। এই স্মাৰ্টফোনটো ভাৰতত এসপ্তাহ পূৰ্বে মুকলি কৰা হৈছিল। ইয়াত MediaTek Dimensity 920 প্ৰচেছৰ আছে আৰু ইয়াত 4500mAh বেটাৰী আছে। আজি ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত উপলব্ধ হেণ্ডছেটটো। ইয়াৰ পৰাই গ্ৰাহকে এই ফোনটো সহজে ক্ৰয় কৰিব পাৰিব।

Infinix Zero Ultra 5G ২৫৬ জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে ৮ জিবি ৰেম পোৱা যাব। শেহতীয়া স্মাৰ্টফোনটোৰ মূল্য ২৯,৯৯৯ টকা। এই ডিভাইচটো ২টা ৰঙৰ ভিন্নতাত উপলব্ধ। গ্ৰাহকে এই ফোনটোৰ যিকোনো ভিন্নতা Coslight Silver আৰু Genesis Noir ৰঙৰ ভিন্নতাৰ পৰা বাছি ল’ব পাৰে। আহক জানো ইনফিনিক্সৰ শেহতীয়া স্মাৰ্টফোনৰ স্পেচিফিকেশন।


Infinix Zero Ultra Offer

ফ্লিপকাৰ্টৰ পৰা এই স্মাৰ্টফোনটো কিনিলে গ্ৰাহকে লাভ কৰিব ডাঙৰ ৰেহাইৰ অফাৰ। ইয়াৰ পৰা ইনফিনিক্স জিৰ’ আল্ট্ৰা ৫জি স্মাৰ্টফোনটো কিনিলে Axis Bank ক্ৰেডিট কাৰ্ডেৰে পেমেন্ট কৰিলে ৫ শতাংশ কেছবেক পাব। এই ফোনটো ক্ৰয় কৰিলে এক্সচেঞ্জ অফাৰ আৰু বিনামূলীয়া ইএমআই ভেৰিয়েচনো উপলব্ধ হব।


Infinix Zero Ultra 5G Specifications

Chipset: ইনফিনিক্স জিৰ’ আল্ট্ৰা ৫জিত MediaTek Dimensity 920 প্ৰচেছৰ 6nm অক্টা-কোৰ চিপছেট আছে।
Storage: এই ফোনত আছে ৮ জিবি ৰেম আৰু ২৫৬ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ। microSD কাৰ্ডৰ জৰিয়তে ষ্ট’ৰেজ বৃদ্ধি কৰিব পাৰিব। গ্ৰাহকে এই স্মাৰ্টফোনৰ ৰেম ১৩ জিবি পৰ্যন্ত বৃদ্ধি কৰিব পাৰিব। 

Display: এই স্মাৰ্টফোনটোত আছে 6.8 ইঞ্চি ফুল এইচডি প্লাছ curved-edge AMOLED ডিছপ্লে। ইয়াত 120Hz স্ক্ৰীণ ৰিফ্ৰেছ, 360Hz টাচ্চ চেম্পলিং ৰেট আৰু কৰ্নিং গৰিলা গ্লাছ 3 সুৰক্ষা লাভ কৰিব।

Operating System (OS): ইনফিনিক্স জিৰ’ আল্ট্ৰা ৫জি Android 12-based XOS 12.0 চলিব। ই এটা ডুৱেল চিম ফোন আৰু ইয়াৰ উপৰিও ইয়াত microSD কাৰ্ড স্লট আছে।

Camera: ইনফিনিক্স জিৰ’ আল্ট্ৰা ৫জি এতিয়া ভাৰতৰ তৃতীয়টো স্মাৰ্টফোন যিয়ে অপটিকেল ষ্টেবিলাইজেচন (অ’আইএছ)ৰ সৈতে 200 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা চেন্সৰৰ বৈশিষ্ট্য প্ৰদান কৰিছে। ইয়াৰ উপৰিও ইয়াত আছে 13 মেগাপিক্সেলৰ আল্ট্ৰা-ৱাইড কেমেৰা আৰু 2 মেগাপিক্সেলৰ ডেপথ চেন্সৰ। চেলফিৰ বাবে ফোনটোত আছে 32 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা।

Battery: ইনফিনিক্স জিৰ’ আল্ট্ৰা ৫জিত 4,500এমএএইচৰ বেটাৰী থাকিব। এই ফোনটো 180W Thunder Charge ফাষ্ট চাৰ্জিঙৰ সৈতে আহিব।

Connectivity: ভাৰতত ১২টা ৫জি বেণ্ড থকা এই ডিভাইচটোত Wi-Fi 6, USB Type-C 2.0, Bluetooth, FM radio’ ইত্যাদি সংযোগৰ বিকল্প আছে।।

Sensor: ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাবে ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰও উপলব্ধ হ’ব।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post