এক গৱেষণাৰ ফলাফল অনুসৰি জনা গৈছে যে হাৰ্ট এটেক প্ৰতিৰোধৰ ক্ষেত্ৰত পিঁয়াজ ফলপ্ৰসূ। পিঁয়াজত পানী, ভিটামিন চি, ফাইবাৰ, ফ’লেট, পটাছিয়াম, আৰু অনেক পুষ্টিকৰ উপাদানৰ যথেষ্ট উৎস থাকে। পিঁয়াজো অতি পুষ্টিকৰ খাদ্য আৰু ইয়াৰ দ্বাৰা উপকাৰী ফাইবাৰ, পটাছিয়াম আৰু ভিটামিন চি পোৱা যায়। গৱেষকসকলে এইবোৰ সেৱন কৰিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পৰা যায় বুলি কৈছে।
আজিকালি আমাৰ সকলোৰে ঘৰত বিভিন্ন ধৰণৰ বেমাৰ থাকে। আৰু তাৰ ভিতৰত হৈছে ডায়েবেটিচ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল আদি ৰোগ। যিয়ে ক্ৰমান্বয়ে শৰীৰৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মাবলৈ আৰম্ভ কৰে। আনহাতে কলেষ্টেৰল অন্যতম ৰোগ। আমাৰ সকলোৰে শৰীৰত কলেষ্টেৰল থাকে। এই কলেষ্টেৰল ভাল আৰু বেয়া কলেষ্টেৰলৰে গঠিত যিটো আচলতে এটা তৰল মোমৰ দৰে পদাৰ্থ। যিটো ধমনীত লাহে লাহে জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত সংকটজনক বিপদৰ সৃষ্টি হয়। হাৰ্ট এটেকৰ পৰা আৰম্ভ কৰি হাৰ্ড ব্লক হোৱালৈকে সকলো এই কলেষ্টেৰলৰ বাবেই হয়।
গতিকে কলেষ্টেৰলৰ মাত্ৰা বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। লগতে খাদ্যৰ পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ। কিন্তু শেহতীয়াকৈ বিশ্বৰ কেইবাজনো গৱেষকে ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰীৰ জাৰ্নেলত এক তথ্য প্ৰকাশ কৰিছে। তেওঁলোকৰ তথ্য অনুসৰি এই বেয়া কলেষ্টেৰলৰ অন্যতম প্ৰধান প্ৰতিকাৰ হ’ব পাৰে পিঁয়াজ। চীনৰ এটা পৰীক্ষাগাৰত তেওঁলোকে এই বিষয়ে গৱেষণা কৰিছে। কেইবাটাও এন্দুৰক পিঁয়াজৰ গুড়ি খুৱাই দিয়া বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা তেওঁলোকে ফলাফল পাইছে। গৱেষণাৰ পৰা দেখা গৈছে যে এসপ্তাহৰ ভিতৰত এন্দুৰৰ শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়। সেইবাবেই শাৰীৰিক ব্যায়ামেই হওক বা গোটেই দিনটোৰ খাদ্যাভ্যাসেই হওক, নিশ্চিতভাৱে পিঁয়াজ খাদ্যৰ তালিকাত ৰাখক।
Post a Comment
Please Don't Put Any Spam Links in The Comment Box.