মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি ? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা

মুখৰ দুৰ্গন্ধৰ সমস্যাটো বৰ চিন্তাৰ বিষয়। এই গোন্ধে ওচৰৰ মানুহকো আঁতৰাই দিব পাৰে! এই সমস্যাৰ বাবে বহু লোকে অশান্তি অনুভৱ কৰে! যদি দিনটোত ২ বাৰ ব্ৰাছ কৰিও মুখৰ দুৰ্গন্ধৰ সমস্যাৰ পৰা মুক্তি পাব পৰা নাই। তেন্তে ঘৰুৱা উপায় কিছুমান অৱলম্বন কৰি চাব পাৰে।

জানি লওঁ আহক...

মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ কিছুমান ঘৰুৱা উপায়

  • প্ৰতিদিনে চাহত চেনিৰ সলনি ডালচেনি মিহলাই ল’ব পাৰে। ইয়াৰ ওজন হ্ৰাস কৰাৰ ক্ষমতা আছে, আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। ফলত মুখৰ দুৰ্গন্ধ দূৰ কৰাত ডালচেনি অতি ফলপ্ৰসূ।


  • কিবা এটা খোৱাৰ পিছত যদি আপোনাৰ মুখৰ দুৰ্গন্ধ ওলায়, তেন্তে খোৱাৰ পিছত মুখত নেমু অলপ চেপি লওক। খাদ্য খোৱাৰ পিছত নেমুৰ ৰস খালে মুখৰ দুৰ্গন্ধৰ সমস্যা আঁতৰ হয়।


  • চফ গুটিৰ এন্টিবেক্টেৰিয়েল গুণ আছে। ফলত ফলত খাদ্য খোৱাৰ পিছত যদি চফ গুটি খাব পাৰি, তেন্তে ইয়াৰ একাধিক উপকাৰ হ’ব পাৰে। সপ্তাহত তিনি-চাৰিবাৰ চফ গুটি খালে এই মুখৰ দুৰ্গন্ধৰ সমস্যা সমাধান হ’ব পাৰে।


  • মাউথৱাছৰ সহায়ো ল’ব পাৰে। বজাৰত বিভিন্ন ব্ৰেণ্ডৰ মাউথৱাছ পোৱা যায়। কিন্তু দৈনিক মাউথৱাছ ব্যৱহাৰ কৰাটো নিষেধ। কাৰণ ই দাঁতৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।


  • যদি আপুনি শুকান ধনীয়া গুটি মুখত ভৰাই চোবাই খায়, তেন্তে মুখৰ দুৰ্গন্ধৰ সমস্যাটো সমাধান হ’ব পাৰে।


  • যদি আপুনি ডালিম খাই, তাৰ বাকলি উলিয়াই পানীত তিয়াই থওক। সেই পানীৰে গাৰ্গল কৰিলে মুখৰ বেয়া গোন্ধ নাইকিয়া হৈ যায়।


  • লং মুখত ৰাখি লাহে লাহে চোবাই খাব। ইয়াৰ দ্বাৰা মুখৰ দুৰ্গন্ধৰ সমস্যা হ্ৰাস পাব পাৰে।


  • তুলসীৰ পাত আৰু পদিনা পাত চোবাই খালে মুখৰ দুৰ্গন্ধ কম হয়।ইয়াৰ দ্বাৰা মুখৰ দুৰ্গন্ধৰ সমস্যা সমাধান হ’ব।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post