Healthy Hair: চুলিৰ বৃদ্ধিৰ ৰহস্য কেৱল তেল নেকি? চিকিৎসকৰ পৰামৰ্শ জানি লওক

চুলিৰ বৃদ্ধিত তেলৰ অৱদানৰ কথা সৰুৰে পৰাই সকলোৱে শুনি আহিছে। কিন্তু মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে চুলি আগৰ দৰে ধুনীয়া হৈ নাথাকে।

কেৱল তেলেই চুলি বৃদ্ধি কৰে নেকি

আগৰ দিনত চুলি বৃদ্ধি কৰাৰ বাবে তেলেই একমাএ বস্তু আছিল। ই চুলিৰ গুৰিত থকা সকলো সমস্যা সমাধান কৰিব পাৰে। কিন্তু সঁচাকৈয়ে কেৱল তেলেহে চুলিৰ বৃদ্ধিত অৰিহণা যোগায় নেকি? বহুতৰ মতে ভাল তেলে চুলি সৰা, উফি বা শুকান চুলি আদি সমস্যা সমাধান কৰিব পাৰে।

আজিকালি বহু মহিলাই চুলিত তেল লগোৱাৰ এই পুৰণি ধাৰণাটোক বিশ্বাস নকৰে।এনে পৰিস্থিতিত সেই শ্বেম্পুৰ আগত কোনোবা এটা সময়ত তেল দিয়ে যদিও বিশেষজ্ঞসকলে আন কিবা এটা ইংগিত দিছে। তেওঁলোকৰ মতে চুলিত তেল লগালে নিশ্চিতভাৱে পুষ্টিকৰ যদিও ই কেতিয়াও চুলিৰ বৃদ্ধিত সহায় নকৰে। আনকি তেলেও উফিৰ পৰা পৰিত্ৰাণ পোৱাত কোনো ধৰণে সহায় নকৰে।

বিশেষজ্ঞসকলৰ মতে যদি কোনোবাই ভাবে যে কেৱল তেল লগালে চুলি সৰা বন্ধ হৈ কঁকাললৈকে দীঘল চুলি পাব পাৰে; এই কথা প্ৰায় নিশ্চিতভাৱে মিছা। তেল লগালে চুলি নিশ্চিতভাৱে মসৃণ, কোমল হৈ পৰে আৰু ৰুক্ষতাৰ দৰে সমস্যা দূৰ হয়। কিন্তু ই কেতিয়াও চুলিৰ বৃদ্ধিত বিশেষ সহায় নকৰে।

উফি থকা লোকসকলে ভাবে যে: চুলিবোৰ ৰুক্ষ হ’লেহে উফি ওলাই আহে আৰু সেইবাবেই তেওঁলোকে অধিক তেল লগাবলৈ আৰম্ভ কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, জিংক পাইৰিথিয়ন শ্বেম্পু বা কেট’ক’নাজ’ল শ্বেম্পুৱে উফিৰ সমস্যা নাইকিয়া কৰিব পাৰে।অৱশ্যে যিকোনো গুৰুতৰ সমস্যাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post