নিশ্চিতভাৱে কৰক এই কাম, ফোনটো চুৰি কৰিলেও চোৰে ব্যৱহাৰ কৰিব নোৱাৰিব।

দেশৰ ৭০%তকৈ অধিক লোকে বৰ্তমান স্মাৰ্ট ফোন ব্যৱহাৰ কৰে। এই সংখ্যা যে প্ৰতিদিনে লাহে লাহে বৃদ্ধি পাইছে সেই কথা কোৱাৰ প্ৰয়োজন নাই। কিন্তু যিদৰে ফোন ব্যৱহাৰকাৰী আছে, তেনেকৈয়ে ফোন হেৰাই যোৱা বা চুৰি হোৱাৰ ঘটনাও দেখা যায়। ৰেল বা বাছত এই ধৰণৰ ঘটনা বেছিকৈ দেখা যায়। বেছিভাগ সময়তে সেই ফোনটো উপলব্ধ নহয় বা ইয়াৰ স্থান জনা নাযায়। কিন্তু আপোনাৰ ব্যক্তিগত তথ্য অজানিতে ফোনটোৰ ভিতৰত থাকে যিটো নিশ্চিতভাৱে চিন্তাৰ বিষয়।

নিশ্চিতভাৱে কৰক এই কাম, ফোনটো চুৰি কৰিলেও চোৰে ব্যৱহাৰ কৰিব নোৱাৰিব।

ভাৰত চৰকাৰে এনে এক অভিনৱ ব্যৱস্থা উলিয়াইছে যাতে কোনেও সেই চুৰি বা হেৰুৱা ফোনটো কোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰে। TelecomTalk ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়া চৰকাৰে CEIR (Central Equipment Identity Register) আৰম্ভ কৰিছে। প্ৰথমে আমি জানিব লাগিব যে CEIR কি?

 

মোবাইল ইকুইপমেন্ট আইডেন্টিফায়াৰ এটা ডাটাবেছ। এনে এটা চিনাক্তকৰ্তা মোবাইল ডিভাইচৰ প্ৰতিটো চিম স্লটত নিযুক্ত কৰা হয়। অৰ্থাৎ দেশৰ যিকোনো ঠাইতে আপোনাৰ মোবাইল ফোনটো চুইচ অফ হৈ থাকিলেও এই এপটোৱে ইয়াৰ লকেচন ক’ব পাৰে। CEIR সেৱা লাভ কৰিবলৈ ব্যৱহাৰকাৰীয়ে ইয়াৰ অফিচিয়েল ৱেবছাইট চাব পাৰে। অথবা  Android আৰু iOS ৰ বাবে CEIR এপটো ডাউনলোড কৰিব পাৰিব।

লগ ইন কৰি আপুনি আপোনাৰ হেৰুৱা বা চুৰি হোৱা ফোনটোৰ IMEI নম্বৰ সংযুক্ত কৰিব। লগে লগে ফোনটো সেই ডাটাবেছৰ পৰা ব্লক বা ব্লেকলিষ্ট কৰা হ’ব। সেই সময়ত চোৰে মোবাইল চুৰি কৰি চিম কাৰ্ড সলনি কৰিলেও ব্যৱহাৰ কৰিব নোৱাৰিব।


ব্যৱহাৰকাৰীয়ে CEIR ব্যৱহাৰ কৰিবলৈ আবেদন দাখিল কৰিব লাগিব। নিকটৱৰ্তী আৰক্ষী থানাতো এফআইআৰ দাখিল কৰিব লাগিব। তাৰ পিছত ৱেবচাইট বা এপত গৈ নিৰ্দিষ্ট ঠাই পূৰণ কৰিব লাগিব। এই ফৰ্মত আপুনি মোবাইল নম্বৰ, ডিভাইচ মডেল, IMEI 1 আৰু  IMEI 2 নম্বৰ হেৰুৱাৰ সময়ত আপোনাৰ লকেচন আৰু FIR কপি দিব লাগিব। ফোনটো ঘূৰাই পোৱাৰ পিছত ব্লক কৰা ফোনটো আনলক কৰিব পাৰিব।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post