Good News for Redmi Fans: বজাৰলৈ আহি আছে Redmi ৰ নতুন স্মাৰ্ট ফোন।

বৰ্তমান ভাৰতীয় স্মাৰ্টফোনৰ বজাৰত আধিপত্য বিস্তাৰ কৰা কোম্পানীসমূহৰ ভিতৰত ৰেডমি (Redmi) অন্যতম। মূলত Redmi চীনা কোম্পানী হোৱাৰ পিছতো এই কোম্পানীয়ে ভাৰতীয় বজাৰত ভাল নাম অৰ্জন কৰিছে। সেইবাবেই কোম্পানীটোৱে ইটোৰ পিছত সিটোকৈ স্মাৰ্টফোন লঞ্চ কৰি আহিছে।

Good News for Redmi Fans

বিশেষকৈ নৱপ্ৰজন্মৰ মাজত এই কোম্পানীৰ ফোনটো অতি জনপ্ৰিয় হোৱাৰ কাৰণ বুলি ক’ব পাৰি এই ফোনটোৰ কেমেৰা। ভাৰতীয় বজাৰত মুকলি কৰাৰ আৰম্ভণিৰে পৰাই তেওঁলোকে নিজৰ ফোনৰ কেমেৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। লগতে ফোনটোৰ পাৰফৰমেন্সৰ ক্ষেত্ৰতো কোম্পানীয়ে আপোচ কৰা নাই। সেইবাবেই তেওঁলোকৰ নতুন স্মাৰ্টফোন পুনৰ বজাৰত আহি আছে।


হয়, কোম্পানীটোৰ সূত্ৰ অনুসৰি অতি সোনকালে ভাৰতীয় স্মাৰ্টফোনৰ বজাৰত মুকলি হ’বলৈ গৈ আছে Redmi Note 12 5G। সম্প্ৰতি দেশৰ সকলো স্মাৰ্ট ফোন নিৰ্মাতা কোম্পানীয়ে 5G ফোন নিৰ্মাণত মনোনিৱেশ কৰিছে। অৱশ্যে সেই দিশত পিছ পৰি থকা নাই এই কোম্পানীটো। গতিকে সময়ৰ লগত খাপ খুৱাই তেওঁলোকে এই নতুন ৫জি স্মাৰ্টফোনটো আনিবলৈ ওলাইছে। এই ফোনটোৰ তিনিটা ভেৰিয়েন্ট এতিয়ালৈকে প্ৰকাশ পাইছে। য’ত 4 GB RAM আৰু 128 GB ROM অৰ্থাৎ ইণ্টাৰনেল মেম’ৰী অন্তৰ্ভুক্ত কৰা হৈছে। এই মডেলৰ মূল্য 17,999 ৰখা হৈছে।


ইয়াৰ উপৰিও আৰু দুটা ভেৰিয়েণ্ট আছে যিবোৰ হ’ল 6GB RAM 128GB ROM আৰু 8 RAM 128GB ROM। যাৰ মূল্য ক্ৰমে 19,999 আৰু 21,999 ৰখা হৈছে। আৰু তাৰ লগতে আছে 48 মেগাপিক্সেল, 8 মেগাপিক্সেল আৰু 2 মেগাপিক্সেলৰ ৰেয়াৰ কেমেৰাৰ লগতে 13 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা। গতিকে পাৰফৰমেন্সৰ ক্ষেত্ৰত আপোনাৰ ফোনটো ধুমুহাৰ গতিৰে চলিব।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post