WhatsApp এ আনিছে নতুন ফিচাৰ্ছ (জানক সবিশেষ)

আজিৰ সমাজত প্ৰযুক্তি পূৰ্বতকৈ বহু বেছি উন্নত, যাৰ প্ৰধান উদাহৰণ হ’ল স্মাৰ্টফোন। এই স্মাৰ্টফোনটো ব্যৱহাৰ কৰি আমি এক মুহূৰ্তৰ ভিতৰতে সমগ্ৰ বিশ্বৰ বাতৰিৰ প্ৰতি সচেতন হ’ব পাৰো। আৰু একে সময়তে নিজৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰো, আৰু যাৰ বাবে এই সুবিধা উন্নত হৈছে তাৰ এটা কাৰণ হ’ল WhatsApp

WhatsApp

বৰ্তমান এই মেছেজিং এপটো ব্যৱহাৰ কৰি আমি পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহৰ সৈতে এক মুহূৰ্ততে যোগাযোগ কৰিব পাৰো, এই মেছেজিং এপটোৱে কেৱল যোগাযোগ কৰাই নহয় ভিডিঅ’ কলিঙৰ দৰে সুবিধা প্ৰদান কৰে।

 

গতিকে আজিকালি আন মেছেজিং এপবোৰৰ মাজত হোৱাটছএপ খুবেই জনপ্ৰিয়। বৰ্তমান কোম্পানীটো সম্পূৰ্ণৰূপে মেটাৰ মালিকানাধীন। যিয়ে আৰম্ভণিৰে পৰা সাধাৰণ মানুহৰ বাবে বিভিন্ন বৈশিষ্ট্য লৈ আহিছে। প্ৰায় অহৰহ বিভিন্ন নতুন ফিচাৰৰ ওপৰত কাম কৰি আছে আৰু এইবাৰ হোৱাটছএপত আৰু এটা নতুন ফিচাৰ যোগ কৰিবলৈ ওলাইছে।

 

শেহতীয়াকৈ সংস্থাটোৱে জনাইছে যে এতিয়াৰ পৰা যিকোনো ফাইল ফৰৱাৰ্ডিঙৰ সময়ত নিজেই কেপচন দিব পৰা যাব, যিটো এতিয়ালৈকে সম্ভৱ নাছিল। তেওঁলোকে লগতে কয় যে এই প্ৰযুক্তি হোৱাটছএপৰ বিটা সংস্কৰণত পৰীক্ষা কৰা হৈছে আৰু এই প্ৰযুক্তি সাধাৰণ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে। গতিকে অনাগত দিনত তেওঁলোকে এই প্ৰযুক্তি সাধাৰণ WhatsApp লৈ আনিবলৈ ওলাইছে।

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post