কিয় ঘৰত তুলসীৰ পূজা কৰা হয়? ইয়াৰ বৈজ্ঞানিক কাৰণ জানি লওক

যদিও তুলসী এজোপা গছ, তথাপিও ইয়াক দেৱতা হিচাপে পূজা কৰা হয়। ৰাতিপুৱা আৰু গধূলি তুলসী তলত চাকি-ধূপ আগবঢ়োৱাটো পৰম্পৰাগত ৰীতি। কিন্তু এই গছজোপা পূজা কৰাৰ আচল কাৰণ জানেনে? ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে।

কিয় ঘৰত তুলসীৰ পূজা কৰা হয়?

১) হিন্দু ধৰ্মত তুলসীক মাতৃ বুলি সম্বোধন কৰা হয়। বৈদিক যুগৰ ঋষিসকলে তুলসীৰ উপযোগিতা সম্পৰ্কে সচেতন আছিল, সেয়েহে তেওঁলোকে সকলোৰে মনত ঈশ্বৰৰ দৰে ভক্তিৰ ধাৰণা সৃষ্টি কৰিছিল।

২) যদি আপুনি ঘৰত কীট-পতংগ আঁতৰাই ৰাখিব বিচাৰে তেন্তে তুলসী গছ ৰোপণ কৰিব লাগিব।

৩) জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা সকাহ পাবলৈ যুগ যুগ ধৰি তুলসীৰ পাত ব্যৱহাৰ কৰি অহা হৈছে।

৪) তুলসী গছে ঘৰৰ সকলো নেতিবাচক শক্তি আঁতৰাবলৈ সক্ষম। সেই বাবে এই গছজোপা সকলোৱে ঘৰত ৰাখিব লাগে।


Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post