Interesting fact: কোৰিয়ান মহিলাৰ বয়স নাবাঢ়ে কিয়?

কোৰিয়াৰ চিনেমা, মিউজিক ভিডিঅ’ বা টিভি শ্ব’ত আমি দেখা মানুহখিনি অত্যন্ত ফিট। কিশোৰ, যুৱক, মধ্যবয়সীয়া পুৰুষ/মহিলা বা ৬০-৭০ বছৰীয়া সকলোকে অতি ফিট দেখা যায়। লগতে তেওঁলোকৰ বয়সৰ পাৰ্থক্য বিশেষ বুজিব পৰা নাজায়।

Interesting fact: কোৰিয়ান মহিলাৰ বয়স নাবাঢ়ে কিয়?


এনে লাগে যেন কোৰিয়ানসকলে এটা নিৰ্দিষ্ট বয়স পোৱাৰ পিছত বয়স বৃদ্ধি নহয়। বিশেষকৈ কোৰিয়ান মহিলাৰ আকৰ্ষণীয় ফিটনেছে বিশ্বৰ সকলোকে কৌতুহলী আৰু আচৰিত কৰি তোলে। বহুতে জানিবলৈ আগ্ৰহী যে কোৰিয়ান মহিলাসকলে ওজন বজাই ৰাখিবলৈ কি খায় আৰু কি কৰে! ইয়াৰ বিষয়ে জানো আহক – 


সুষম খাদ্যতালিকা:

বিভিন্ন ডায়েট লিষ্টত কিছুমান খাদ্য বাদ বা আঁতৰাই পেলোৱাৰ পৰামৰ্শ দিয়া হৈছে যদিও কোৰিয়ান মহিলাসকলে তেওঁলোকৰ খাদ্যত সকলো ধৰণৰ খাদ্যৰ ভাৰসাম্য ৰক্ষা কৰে। তেওঁলোকে প্ৰায় সকলো বস্তু খায়। স্বাস্থ্যসন্মত কোৰিয়ান খাদ্যত প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেট ইত্যাদি থাকে। খাদ্যৰ জোখ-মাখৰ ক্ষেত্ৰত তেওঁলোক অতি সচেতন। তেওঁলোকে কেতিয়াও অতিৰিক্ত খাদ্য গ্ৰহণ নকৰে। লগতে তেওঁলোকৰ দৈনন্দিন কাম-কাজত বিভিন্ন শাৰীৰিক কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হয়।


কোৰিয়ানসকলৰ প্ৰিয় খাদ্যৰ তালিকাত বিভিন্ন শাক-পাচলিৰ নাম প্ৰথম স্থানত থাকে।যিটো তেওঁলোকৰ স্লিম, সুস্থ শৰীৰৰ আঁৰৰ অন্যতম মূল কাৰণ। বেছিভাগ শাক-পাচলিতে ফাইবাৰৰ পৰিমাণ বেছি, স্বাস্থ্যকৰ আৰু কম কেলৰি থাকে, গতিকে ই ওজন কমাবলৈ সহায় কৰে। শাক-পাচলিত থকা ফাইবাৰে পেটটো বহু সময়লৈকে ভৰপূৰ কৰি ৰাখে, যাৰ ফলত অন্যান্য উচ্চ কেলৰিযুক্ত খাদ্য পৰিহাৰ কৰিব পাৰি।


সামুদ্ৰিক খাদ্য:

কোৰিয়াৰ অন্যতম প্ৰধান খাদ্য হ’ল সাগৰীয় খাদ্য। চৰ্বিযুক্ত সাগৰীয় মাছৰ লগতে তেওঁলোকে আন এটা স্বাস্থ্যসন্মত খাদ্য খায়। সেইটো হৈছে Seaweed. কোৰিয়াত ই এক পৰিচিত খাদ্য উপাদান, যিটো বিভিন্ন ব্যঞ্জনৰ সৈতে খায়। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু বহু সময়লৈকে পেট ভৰপূৰ কৰি ৰাখে।


ফাষ্টফুডতকৈ ঘৰত বনোৱা খাদ্য পছন্দ কৰে:

কোৰিয়ান মহিলাসকলৰ ফিট শৰীৰৰ আঁৰৰ এটা মূল কাৰণ হ’ল তেওঁলোকে ঘৰত বনোৱা খাদ্য পছন্দ কৰে। যেতিয়া আপুনি ওজন কমাব বিচাৰে তেতিয়া ঘৰতে ৰন্ধা খাদ্যতকৈ ভাল একোৱেই হব নোৱাৰে। ফাষ্টফুড খালে আপোনাৰ ওজন বৃদ্ধি হোৱাৰ লগতে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। কোৰিয়ান মহিলাসকলে বাহিৰত খাদ্য খোৱাৰ পৰিৱৰ্তে ঘৰতে খোৱাটোহে বেছি পছন্দ কৰে। তেওঁলোকে শৰীৰৰ বাবে উপকাৰী খাদ্য খায়।


ফাৰমেন্টেত বা কিম্বনযুক্ত খাদ্য:

সচেতন কোৰিয়ান মহিলাসকলে প্ৰতিটো প্ৰকাৰৰ খাদ্যৰ লগত মাত্ৰ এটা চাইড ডিচ ৰাখে।যিবোৰ মূলতঃ কিম্বন কৰা খাদ্য। যিটো মূলতঃ কিম্বনযুক্ত খাদ্য। এই ধৰণৰ খাদ্য আন্ত্ৰিক অংশৰ বাবে অতি উত্তম আৰু পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। ই কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, ওজন কমোৱাত সহায় কৰে।



সক্ৰিয় জীৱন যাপন:

বেছিভাগ কোৰিয়ান মানুহে খোজ কাঢ়ি ভাল পায়। গন্তব্যস্থানলৈ যাবলৈ ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে খোজকাঢ়ি যোৱাটোৱেই পছন্দ কৰে। তেওঁলোকে নিজৰ জীৱনশৈলী সক্ৰিয় কৰি ৰাখে যিয়ে বেছিভাগ কোৰিয়ান মহিলাক সুস্থ হৈ থকাত আৰু ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আমি সকলোৱে জনা কথা যে ওজন নিয়ন্ত্ৰণ আৰু সামগ্ৰিক স্বাস্থ্য উন্নতিৰ বাবে শাৰীৰিক কাৰ্য্যকলাপ অতি গুৰুত্বপূৰ্ণ।


Please Don't Put Any Spam Links in The Comment Box.

Post a Comment

Please Don't Put Any Spam Links in The Comment Box.

Post a Comment (0)

Previous Post Next Post